Arfan Ali with Assam Tawheed and 19 others
১১তম খণ্ড
বাৰ চান্দৰ চালাত আৰু ফযীলত বিষয়কঃ
প্ৰকৃত সত্য কথা হলঃ আশুৰাৰ দিনা মূছা (আঃ) আৰু তেখেতৰ সঙ্গীসকলে ফিৰাউনৰ পৰা মুক্তি পোৱাৰ বাহিৰে অইন কোনো ঘটনা ছহীহ হাদীছৰ দ্বাৰা প্ৰমণিত নহয়। আদম (আঃ) ৰ তাওবাহ ক্ববুল, নূহ (আঃ) ৰ নৌকা জুদী পৰ্বতৰ ওপৰত স্থিৰ হোৱা আৰু ঈছা (আঃ) ৰ জন্ম গ্ৰহণ কৰাৰ কথা অনিৰ্ভৰযোগ্য সূত্ৰৰ যোগেদি কোনো কোনো চাহাবা বা তাবেয়ীৰ পৰা বৰ্ণিত। আশুৰা বা মুহাৰৰম সম্পৰ্কে আৰু যিমান যি কোৱা হয় আটাইবোৰেই মিছা আৰু বাতিল কথা।

মুহাৰৰম আৰু আশুৰা সম্পৰ্কে প্ৰচলিত অন্যান্য কথাবাৰ্তাক আমি আমি দুই ভাগত ভাগ কৰিব পাৰোঃ
প্ৰথমঃ যিবোৰ "হাদীছ" কোনো কোনো মুহাদ্দীছে জাল বা বানোৱাট বুলি উল্লেখ কৰিলেওঁ অইন কিছূমানে দূৰ্বল হিচাপে গ্ৰহণ কৰিছে। আৰু যিবোৰ "হাদীছ" অত্যন্ত দূৰ্বল চনদত কোনো কোনো চাহাবী বা তাবেয়ীৰ নিজৰ বক্তব্য হিচাপে বৰ্ণিত হৈছে। বাহ্যতঃ ইস্ৰাঈলী বৰ্ণনাৰ ভিত্তিতে তেওঁলোকে এইবোৰ বৰ্ণনা কৰিছে।
দ্বিতীয়তঃ সকলো মুহাদ্দীছিনে যিবোৰ হাদীছ ‘জাল’ আৰু ভিত্তিহীন বুলি ঐক্যমত পোষন কৰিছে।

‘জাল’ বা ‘দূৰ্বল’ হাদীছ আৰু চাহাবী-তাবেয়ীসকলৰ মতামতঃ
১. অত্যন্ত দূৰ্বল সূত্ৰে কোনো কোনো চাহাবী বা তাবেয়ীসকলৰ পৰা বৰ্ণিত হৈছে যে এই দিনত আল্লাহ তাআলাই আদম (আঃ) ৰ তাওবাহ ক্ববুল কৰিছিল।
২. অনিৰ্ভৰযোগ্য সূত্ৰত বৰ্ণিত হৈছে যে এই দিনত নূহ (আঃ) ৰ নৌকা জুদী পৰ্বতৰ ওপৰত স্থিৰ হয়।
৩. অনিৰ্ভৰযোগ্য সূত্ৰত বৰ্ণিত হৈছে যে এই দিনত ঈছা (আঃ) জন্ম গ্ৰহণ কৰিছিল।
৪. মুহাৰৰম মাহত বা আশুৰাৰ দিনা দান-ছাদক্বাৰ বিষয়ে যিবোৰ কোৱা হয় তাৰে আটাইবোৰেই বানোৱাট আৰু ভিত্তিহীন। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা এইবোৰৰ বিষয়ে একোৱেই বৰ্ণিত হোৱা নাই। অত্যন্ত দূৰ্বল আৰু অনিৰ্ভৰযোগ্য সূত্ৰত এজন চাহাবা ৰাঃৰ পৰা বৰ্ণিত হৈছে যে আশুৰাৰ দিনা ছিয়াম পালন কৰিলে যিহেতু এক বছৰৰ ছাওৱাব পোৱা যায়, সেইকাৰণে এইদিনা দান কৰিলেওঁ এক বছৰৰ দানৰ সমান ছাওৱাব পোৱা যাব পাৰে। ইয়াৰ বাহিৰে এইদিনৰ দানৰ বিষয়ে যিমান যি কোৱা হয় সকলোবোৰেই বাতিল আৰু ভিত্তিহীন। (ইবনু ৰাজাব, লাতাইফ ১/৭৮; আব্দুল হাই লক্ষনৱী, আল আছাৰ পৃঃ ৯৫-৯৬)।

৫. এটা হাদীছত কোৱা
হৈছে, "যি ব্যক্তিয়ে আশুৰাৰ দিনা তাৰ পৰিয়ালৰ বাবে প্ৰশস্তভাৱে খৰচ কৰিব
আল্লাহ তাআলাই গোটেই বছৰেই সেই ব্যক্তিক প্ৰশস্ত ৰিয্ক প্ৰদান কৰিব।"
হাদীছটো কেবাটাওঁ চনদত বৰ্ণিত হৈছে। প্ৰত্যেকটো চনদেই অত্যন্ত দূৰ্বল।
বিভন্ন চনদৰ কাৰণে বাইহাকী, ইৰাকী, ছূয়ূতী আদি (ৰহঃ) মুহাদ্দিছীনসকলে এই
হাদীছটোক জাল হিচাপে গণ্য নকৰি দূৰ্বল বুলি আখ্যয়িত কৰিছে। ইবনু (ৰহঃ) য়ে
হাদীছটোক অত্যন্ত আৰত্তিকৰ আৰু অতি দূৰ্বল বুলি কৈছে। আনহাতে ইমাম আহমাদ
ইবনু হাম্বল, ইবনু তাইমিয়া আদি (ৰহঃ) মুহাদ্দিছীনসকলে এই হাদীছটোক জাল আৰু
বানোৱাট হিচাপে গণ্য কৰিছে। তেখেতসকলে কয় যে প্ৰতিটো চনদেই অত্যন্ত দূৰ্বল
হোৱাৰ ফলত একাধিক চনদে ইয়াৰ গ্ৰহণযোগ্যতা বৃদ্ধি নাপায়। তাৰোপৰি হাদীছটো
ছহীহ হাদীছৰ বিৰোধী। ছহীহ হাদীছত উল্লেখ কৰা হৈছে যে ইহুদীসকলে আশুৰাৰ দিনা
উত্সৱ-আনন্দ কৰে; তোমালোকে তেওঁলোকৰ বিৰোধিতা কৰিবা, এইদিনা ছিয়াম পালন
কৰিবা আৰু উত্সৱ বা আনন্দ নকৰিবা। (ইবনু তাইমিয়া, আহাদীছুল কুছছাছ, পৃঃ ৭৯;
ইবনুল জাউযী, আল মাউদূৱাত, ২/১১৩-১১৭; ছূয়ূতী, আল লাআলী ২/২০৯-২১৩;
ছাখাবী, আল মাকাছিদ পৃঃ ৪২৭; আল যাৰকাশী, আত তাজকিৰা ৩৪, ১১৮; ইবনু আৰৰাক,
তানযীহ ২/১৫০-১৫৭; ইবনু ৰাজাব, লাতাইফ ১/৭৯; মোল্লা ক্বাৰী, আল আছৰাৰ, পৃঃ
২৪৪-২৪৫; শাওকানী, আল ফাওৱাইদ ১/১৩২-১৩৩; আব্দুল হাই লক্ষনৱী, আল আছাৰ পৃঃ
১০০-১০২)
মুহাৰৰম মাহৰ ছহীহ হাদীছ সন্মত সত্য ছূন্নত হ'ল:
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কলে, ‘অহা বছৰ বাচি থাকিলে ইন শ্বা আল্লাহ আমি ৯ মুহাৰৰম সহ ছিয়াম ৰাখিম’। ৰাবীয়ে কৈছে, কিন্তু পিছৰ বছৰ মুহাৰৰম মাহ অহাৰ আগতেই তেখেত চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মৃত্যু হৈ যায়। (মুছলিম হা/১১৩৪)।
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আৰু কৈছে,
صُوْمُوْا يَوْمَ عَاشُوْرَاءَ وَخَالِفُوْا فِيْهِ الْيَهُوْدَ صُوْمُوْا قَبْلَهُ يَوْماً أَوْ بَعْدَهُ يَوْماً-
‘তোমালোকে আশুৰাৰ দিনা ছিয়াম ৰাখা আৰু ইহূদীসকলৰ বিৰোধিতা কৰা। তোমালোকে আশুৰাৰ লগত তাৰ আগৰ এদিন বা পিছৰ এদিন ছিয়াম পালন কৰা’। (বায়হাক্বী ৪র্থ খন্ড, পৃঃ ২৮৭। এই ৰিৱায়তটো ‘মাৰফূ’ হিচাপে ছহীহ নহয়, কিন্তু ‘মওকূফ’ হিচাপে ‘ছহীহ’। দ্রঃ হাশিয়া ছহীহ ইবনু খুযায়মা হা/২০৯৫, ২/২৯০ পৃঃ। ৯ আৰু ১০ বা ১০ আৰু ১১ দুদিন ছিয়াম ৰখা উচিত। কিন্তু ৯ আৰু ১০ দুদিন ৰখাই সর্বোত্তম, কিছূমানে ১০ আৰু ১১ ৰ হাদীছটো যয়ীফ বুলি কৈছে)।

ক্রমশ:.......
No comments:
Post a Comment